চৰাইদেউ, সংবাদ ৩৬৫, ৩১ জানুৱাৰীঃ  চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী চকীৰ অন্তৰ্গত ভূঞাখাত চুতীয়াকাৰি গাঁৱৰ ৰাজ কৰ নামৰ এজন যুৱক মবাইল দোকান এখনত চুৰ কৰিবলৈ যাওঁতে মৃত্যু ঘটে। ম’বাইল দোকানত যুৱকজনৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰহ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ভূঞাখাত গাওঁ পঞ্চায়তৰ চুতীয়াকাৰি গাঁৱৰ নিবাসী শম্ভূ কৰৰ পুত্ৰ ৰাজ কৰে বৰুৱাছালিস্থিত জয়ন্ত সিঙ নামৰ এজন লোকৰ ম’বাইল দোকানত চুৰ কৰিবলৈ গৈ বেৰ কাটি ভিতৰলৈ সোমাই থকা অৱস্থাত মৃত্যু হোৱা পৰিলক্ষিত হয়। যুৱকজনৰ  মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ৰাজ কৰৰ হাতৰ আঙুলিত থকা আঘাতৰ চিন পৰিলক্ষিত কৰি  যুৱকজন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে। আৰক্ষীয়ে যুৱকজনৰ মৃতদেশ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।