গুৱাহাটী

১৯ ছেপ্টেম্বৰ

এটাৰ পিছত আনটো গোচৰ কিন্তু অসম আৰক্ষীয়ে নোৱাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সন্দেহ, চৰকাৰে নিজৰ বিফলতা সমূহ লুকুৱাবলৈ সত্যৰঞ্জন বৰাক মুকলিভাৱে এৰি দিছে।

বিগত কিছুদিন ধৰি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্মাৱলম্বী লোক সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰি উত্তাল কৰি ৰাখিছে পৰিৱেশ। হিন্দুত্ববাদী নেতা গৰাকীয়ে কেতিয়াবা যদি ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণক লৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰে, কেতিয়াবা আকৌ মুছলমানক পাঞ্চ মৰাৰ কথা কয়। সত্যৰঞ্জন বৰাৰ এই মন্তব্য সমূহে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠনৰ লগতে বহু সচেতন লোকে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু কৰিছে। সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকাৰ পিছতো অসম আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সত্যৰঞ্জন বৰা সন্দৰ্ভত অসম আৰক্ষীৰ ভূমিকাক লৈ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সন্দেহ প্ৰকাশ কৰিছে যে চৰকাৰে নিজৰ বিফলতা সমূহ লুকুৱাবলৈ সত্যৰঞ্জন বৰাক মুকলিভাৱে এৰি দিছে।

ইফালে সত্যৰঞ্জন বৰা সন্দৰ্ভত অসম আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সত্যৰঞ্জন বৰাই শেহতীয়াকৈ মুছলমান সন্দৰ্ভত অতি অপমানসূচক আৰু চৰম সাম্প্ৰয়িক মন্তব্য প্ৰদান কৰি ইয়াৰ জৰিয়তে সমাজত বিষবাষ্প বিয়পাই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে।

সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ পত্ৰ প্ৰেৰণ কৰি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে পূৰ্বে ৰুজু হোৱা গোচৰ সমূহৰ ক্ষেত্ৰত তদন্ত কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে লগতে আমাক হাতত আইন তুলি ল’বলৈ বাধ্য নকৰিবলৈও অসম আৰক্ষীক সকীয়ানি প্ৰদান কৰে।