আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ ছেপ্তেম্বৰ

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন সময়ত চুতীয়া জনগোষ্ঠীক কেৱল এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্রতিবাদকাৰী সকলে।

চুতীয়া জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্রদান কৰাৰ লগতে কেইবাটাও দাবীৰে সামাজিক দূৰত্ব বজায় ৰাখি শনিবাৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী নিজে এজন সোণোৱাল কছাৰীৰ লোক হৈও চুতীয়া লোকসকলৰ সমষ্যা আৰু আৱেগ অনুভূতি বুজি নোপোৱাটো দুখজনক কথা বুলি অভিহিত কৰে।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি ৰজনী চুতীয়াই কয় যে, যদিহে তেওঁলোকৰ দাবী সমূহ আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানি নলয় তেন্তে গেৰুৱা চৰকাৰখনে চুতীয়া জনগোষ্ঠীৰ ভোটৰ পৰা বঞ্চিত হ’ব।