গুৱাহাটী

১৯ ছেপ্টেম্বৰ

ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল। কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত থকা চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত পাণবজাৰ থানাত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে তৰুণ দত্ত নামৰ এজন লোকে৷

যি সময়ত ৰাজ্যত প্ৰতিদিনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে সেই সময়তে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত থকা চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত থানাত এজেহাৰ দাখিল কৰা হৈছে। মহানগৰীৰ পাণবজাৰ থানাত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকী কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত থকা চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে তৰুণ দত্ত নামৰ এজন লোকে। মন্ত্ৰী গৰাকীৰ এখন সভাত আশগ্ৰহন কৰা হাজাৰ হাজাৰ লোকৰ ভিতৰত অধিক সংখ্যক লোকে মাস্ক পৰিধান নকৰাৰ আৰু সামাজিক দূৰত্ব পালন নকৰাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে তৰুণ দত্ত নামৰ লোকজন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে বি টি এ ডিৰ তামুলপুৰৰ গৈবাৰীত এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰিছিল। সভাখনত কেইবাহাজাৰ লোকৰ সমাগম হোৱাৰ দেখিবলৈ পোৱা গৈছিল। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উক্ত সভাত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা বিতৰ্কৰ আৱৰ্ত সোমাই পৰিছে।