নিউজ ডেস্ক

১৯ আগষ্ট

অভিনেতা চলমান খানক গুলীয়াই হত্যাৰ পৰিকল্পনা কৰা এজন অপৰাধী আৰক্ষীৰ জালত। ফৰিদাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৭ বছৰীয়া ৰাহুল সংগা ওৰফে বাবা নামৰ চলমান খানক হত্যাৰ পৰিকল্পনা কৰা যুৱকজনক। পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা নিয়ন্ত্ৰিত হোৱা মাফিয়া গেঙ লৰেন্স বিষনই গোটৰ স্বাৰ্প স্বুটাৰ ৰাহুল সংগা ওৰফে বাবা।

চুপাৰ ষ্টাৰ চলমান খানৰ হত্যাৰ পৰিকল্পনা কৰা মাফিয়া লৰেন্স বিষনই গোটৰ স্বাৰ্প স্বুটাৰ ৰাহুল সংগা ওৰফে বাবাক ফৰিদাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ২৭ বছৰীয়া ৰাহুল সংগা ওৰফে বাবা চলিত বছৰৰ জানুৱাৰী মাহত মুম্বাইৰ বান্দ্ৰালৈ গৈছিল আছে বান্দ্ৰাত থকা চলমান খানৰ বাসগৃহ আৰু অভিনেতা গৰাকীৰ গতিবিধি নিৰীক্ষণ কৰিছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল সংগা ওৰফে বাবা মাফিয়া লৰেন্স বিষনইৰ নিৰ্দেশত বান্দ্ৰালৈ গৈ অভিনেতা চলমান খানৰ বাসগৃহ আৰু অভিনেতা গৰাকীৰ গতিবিধি নিৰীক্ষণ কৰিছিল। ফৰিদাবাদ আৰক্ষীয়ে ৰাহুল সংগা ওৰফে বাবা নামৰ স্বাৰ্প স্বুটাৰ জন পূৰ্বেও অন্য কেইবাটাও অপৰাধজনীত ঘটনাৰ লগত জড়িত আছিল। ৰাহুল সংগা ওৰফে বাবাক বিভিন্ন অপৰাধজনীত ঘটনাত সহযোগ কৰা অন্য চাৰিজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰাহুল সংগা ওৰফে বাবাক বিভিন্ন অপৰাধজনীত ঘটনাত সহযোগ কৰা ধৃত লোক চাৰি জন হৈছে মনিষ, ৰোহিত, আশীষ আৰু ভাৰত। উল্লেখ্য যে যোৱা জুন মাহটো হাৰিয়ানা আৰক্ষীয়ে অভিনেতা গৰাকীৰ গতিবিধি নিৰীক্ষণ কৰা সম্পট নেহাৰ নামৰ এজন স্বাৰ্প স্বুটাক গ্ৰেপ্তাৰ কৰিছিল।