গুৱাহাটী, সংবাদ ৩৬৫, ১৩মাৰ্চ : এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে অহা ১৮ মাৰ্চত “কা” বাতিলৰ লগতে ৰাজহুৱা শিক্ষাখণ্ড ৰক্ষাৰ দাবীত গুৱাহাটী ৰটাৰী ক্লাবত এক ছাত্ৰ সমাবেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমাবেশত উপস্থিত থাকিব এছ এফ আইৰ সৰ্বভাৰতীয় সম্পাদক ময়ূখ বিশ্বাস, এছ এফ আইৰ নেত্ৰী তথা জে এন ইউ ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষ। এছ এফ আইৰ ছাত্ৰ সমাবেশৰ বিৰোধিতা কৰি কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ অসম চৰকাৰে এই সমাবেশত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ হৈ পৰে ছাত্ৰ সংগঠনটো।

শুকুৰবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে এছ এফ আইয়ে। সংবাদমেলত উপস্থিত থাকে অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী, সম্পাদক নিৰংকুশ নাথ আৰু যুটীয়া সম্পাদক সংগীতা দাস।উক্ত সংবাদমেলত এছ এফ আইৰ ৰাজ্যিক কমিটিৰ কৰ্মকতাসকলে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰি জনাই যে বিগত দিনত বিভিন্ন সমস্যা সন্দৰ্ভত মাত মাতি অহা সৰ্বভাৰতীয় সংগঠনৰ নেতৃবৃন্দক অংশগ্ৰহণত বাধা প্ৰদান কৰাটো একপ্ৰকাৰ ধিক্কাৰৰজনক। আৰক্ষীৰ এই বাধা মূলত ফেচীবাদৰ এক নিদৰ্শন। ইয়াৰ উপৰিও এছ এফ আইৰ হাইলাকান্দিত হ’বলগীয়া সমাবেশত ঐশী ঘোষক বজৰং দল আৰু দুৰ্গা বাহিনীৰ শিলচৰ জিলা কমিটিয়ে অংশগ্ৰহণত বাধা প্ৰদান কৰাটো একপ্ৰকাৰ ফেচিবাদ বুলি আখ্যা দিয়ে ছাত্ৰ শংখনটোৱে। ইয়াৰ উপৰিও ছাত্ৰ সংগঠনটোৱে জনাই যে ১৮ মাৰ্চত হ’বলগীয়া সমাবেশত প্ৰশাসনৰ কোনো বাধা মানি লোৱা নহ’ব আৰু ফেচিবাদী চৰকাৰৰ এই বাধাৰ বিৰুদ্ধে এছ এফ আয়ে সদায় সাহসেৰে থিয় দিব লগতে “কা” বিৰোধী সংগ্ৰামখন আৰু ৰাজহুৱা শিক্ষাখণ্ডৰ যুজঁখন সফলতাৰে আগুৱাই নিব।

সংবাদমেলত সমাজৰ সকলো গণতন্ত্ৰপ্ৰেমী জনগণক ঐক্যবদ্ধ ভাবে প্ৰতিবাদ গঢ়ি তুলিবলৈ আৰু সমাবেশত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় এছ এফ আইয়ে।