গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ: পৰিবৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰে পুনৰ জনসাধাৰণৰ আগত দাঙি ধৰিলে পৰিবৰ্তনৰ ফোঁপোলা ৰূপ। দেশত পুনৰ বৃদ্ধি পাব পেট্ৰ’ল–ডিজেলৰ মূল্য।

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত লগোৱা আবকাৰী শুল্ক বৃদ্ধি কৰাৰ জাননী জাৰি কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সমগ্ৰ দেশতে পে’ট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পাব।বিশেষজ্ঞই জনোৱা তথ্য অনুসৰি দিনে দিনে দুৰ্বল হৈ পৰা দেশৰ অৰ্থনীতিক কিছু সকাহ দিবলৈ চৰকাৰে হাতত লোৱা হৈছে এই সিদ্ধান্ত। ইয়াৰ ফলত চৰকাৰে কিছু অতিৰিক্ত ধনৰাশি লাভ কৰিব। ইয়াৰ উপৰি বিশেষজ্ঞই জনোৱা মতে দেশৰ বাহিৰত অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কমি যোৱাৰ বাবেই চৰকাৰে ল’ব লগা হৈছে এই সিদ্ধান্ত।

মূল্যবৃদ্ধিয়ে ইতিমধ্যে জুৰুলা কৰা সাধাৰণ ৰাইজৰ ওপৰত ১৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্তৰ ফলত পুনৰ বাৰ মাধমাদ পৰিব।