নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : আপোনালোকৰ বন্ধু নৰেন্দ্ৰ মোদী আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছে। সোমবাৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ আৰম্ভণিতে এনেদৰে কয় মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিফলতাৰ সময়তো সফলতাৰ শিক্ষা পাব পাৰো। সকলো প্ৰয়াসত আমি উৎসাহ আনিব পাৰো আৰু কোনো ক্ষেত্ৰত আপুনি বিফল হ’লে তাৰ অৰ্থ এয়াই যে আপুনি সফলতাৰ দিশে গতি কৰিছে।

‘জনা–নজনাকৈয়ে আমি সেই দিশত গতি কৰিছো য’ত সফলতা–বিফলতাৰ মুখ্য বিন্দু হৈ পৰিছে পৰীক্ষাৰ নম্বৰ। সেইবাবেই আমাৰ মনো তাতেই নিবদ্ধ থাকে যে বাকী সকলো পিছত কৰিম, প্ৰথমে নম্বৰ আনি লওঁ।’ – উত্তৰাখণ্ডৰ ছাত্ৰ মায়াংকৰ প্ৰশ্নৰ উত্তৰত কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

কেৱল পৰীক্ষাৰ নম্বৰেই জীৱন নহয়। কোনো এটা পৰীক্ষাই সমগ্ৰ জীৱন নহয়। এয়া এক গুৰুত্বপূৰ্ণ বিষয়, কন্তু এনেকুৱা নহয় যে এয়াই সকলো। মই পিতৃ–মাতৃসকলক অনুৰোধ জনাওঁ যে সন্তানৰ সৈতে এনেধৰণৰ কথা নক’ব যে পৰীক্ষাই সকলো। ‘পৰীক্ষা পে চৰ্চা’ত এনেদৰেও কয় মোদীয়ে ।