নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জানুৱাৰী : সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট বেংক ধৰ্মঘট কাৰ্যসূচী ।

অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি এই বেংক ধৰ্মঘট কাৰ্যসূচী ঘোষণা ক্ষুব্ধ বেংক সংগঠনৰ।

ইফালে অহা ১১,১২,১৩ মাৰ্চতো বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰিত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।

দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজ বন্ধ হৈ পৰিব।