গুৱাহাটী, সংবাদ ৩৬৫, ২০ এপ্ৰিল : প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল পাচলি বিক্ৰীৰ কিন্তু মাছ-মাংস বিক্ৰী কৰাৰ বাবে প্ৰশাসনে ছীল কৰিলে মহানগৰীৰ এখন দোকান। ৰাজধানী মছজিদৰ সমীপত থকা ছেমছাঙ ডিলাৰৰ দোকান এখনত মাছ-মাংস বিক্ৰী কৰাৰ অপৰাধত প্ৰশাসনে ছীল কৰিলে।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে কেন্দ্ৰ চৰকাৰে দেশজুৰি ঘোষণা কৰা লকডাউনৰ এই সময়ছোৱাত খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সেৱা সমূহক লকডাউনৰ পৰা ৰেহাই দিছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যতো আৰক্ষী প্ৰশাসনে ৰাইজৰ সুবিধাঅৰ্থে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত সকলো সেৱা সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে। ইয়াৰ মাজতে কিছুমান অসাধু ব্যৱসায়ীয়ে অধিক মুনাফাৰ লোভত উলংঘ কৰি আহিছে লকডাউন আইন। এনে এক লকডাউন আইন উলংঘ কৰি ব্যৱসায় চলাই থকাৰ ঘটনা পোহৰলৈ আহিছে মহানগৰী গুৱাহাটীত। মহানহৰীৰ ৰাজধানী মছজিদৰ সমীপত ছেমছাঙৰ ডিলাৰ দোকান এখনত প্ৰশাসনৰ অনুমতি অবিহনে মাছ-মাংস বিক্ৰী কৰি থকাৰ বাবে প্ৰশাসনে দোকানখন ছীল কৰি দিয়ে। ছেমছাঙৰ ডিলাৰখনত মাছ-মাংস বিক্ৰী হৈ থকাৰ এক গোপন খবৰৰ ভিত্তিত সোমবাৰে পৌৰনিগম আৰু পশুপালন বিভাগৰ দল এটা অভিযান চলাই দোকানখন ছীল কৰি দিয়ে। পৌৰনিগম আৰু পশুপালন বিভাগৰ দলটোৱে দোকানখনৰ পৰা বহু পৰিমাণৰ মাছ-মাংসৰ আৰু কণী জব্দ কৰে।

উল্লেখ্য যে, দেশজুৰি লকডাউন চলি থকাৰ বাবে প্ৰশাসনে দোকানখনক ৰাইজৰ সুবিধাঅৰ্থে কেৱল পাচলি বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছিল। দোকানখনত এনেদৰে প্ৰশাসনৰ নিৰ্দেশনা উলংঘ কৰাত প্ৰশাসনে দোকানখনত থকা সামগ্ৰী সমূহ জব্দ কৰি দোকানখন ছীল কৰি দিয়ে।