বৰপেটা, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : বৰপেটাত বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে ঘৰতে প্ৰস্তুত কৰিছে মাস্ক। মহিলা সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা মাস্ক ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে।

বিশ্বব্যাপী কভিড-১৯ কৰুণা ভাইৰাছ যাতে ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও উল্লেখনীয় পদক্ষেপ। সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত সংকটৰ সন্মুখীন হোৱা লোক সকলৰ সহায়ৰ হাত আগুৱাই দিবলৈ সমৰ্থবান ব্যক্তি সকলক আহ্বান জনাইছে। ইয়াৰ মাজতে প্ৰতিজন ব্যক্তিক চৰকাৰে চলাই যোৱা কভিড-১৯ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধখনত সহযোগ কৰাৰো অনুৰোধ জনাই আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো লোককে ঘৰতে মাস্ক প্ৰস্তুত কৰি পৰিধান কৰাৰ বাবে জনোৱা আহ্বান জনাই আহিছে। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিচতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ তৎপৰতাত বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে মাস্ক প্ৰস্তুতৰ কামত জড়িত হৈ পৰিছে। যোৱা কিছুদিন ধৰি বিজেপিৰ মহিলা সদস্যসকলে প্ৰস্তুত কৰা মাস্ক শনিবাৰৰ পৰা বৰপেটা জিলাৰ বিভিন্ন অঞ্চললৈ গৈ ৰাইজৰ মাজত বিতৰণ কৰে বিজেপিৰ কৰ্মকর্তা সকলে। জিলাখনৰ বিভিন্ন অঞ্চলত অবস্থিত বেংক সমূহলৈ গৈ গ্ৰাহকসকলৰ লগতে ৰাজপথেৰে গৈ থকা পথচাৰী সকলৰ মাজত বৰপেটাৰোড যুৱ মৰ্চাৰ মণ্ডল সমিতিৰ কৰ্মকর্তা সকলে মাস্ক বিতৰন কৰে৷ বৰপেটাৰোড মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে ঘৰতে প্ৰায় দহ হাজাৰ মাস্ক তৈয়াৰ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপেটাৰোড মণ্ডলৰ জৰিয়তে শনিবাৰৰ পৰা বিতৰণৰ কাম আৰম্ভ কৰিছে৷

উল্লেখ্য যে, কভিড-১৯ কৰ’ণা ভাইৰাছ বিশ্বৰ বিভিন্ন দেশত মহামাৰীৰ ৰূপ ধাৰণ কৰি তাণ্ডৱ চলাই থকাৰ সমান্তৰালে ভাৰততো এই মাৰাত্মক ভাইৰাছত কেইবা হাজাৰ লোক আক্রান্ত হৈছে। কভিড-১৯ কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মাস্কৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে বজাৰত মাস্কৰ নাটনিৰ সৃষ্টি হৈছে। বজাৰত গ্ৰাহকে অত্যধিক মূল্যত মাস্ক ক্ৰয় কৰিবলগীয়া হোৱাৰ ফলত ৰাইজ সৰ্বস্বান্ত হোৱাৰ বিপৰীতে ঘৰতে মাস্ক তৈয়াৰ কৰি পৰিধান কৰাৰ বাবেও বিজেপিৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।