আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৭ ছেপ্টেম্বৰ

অহিষ্ণুনতা, অবিশ্বাস, সন্দেহ, ঘৃণা, নিকৃষ্ট সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে শিৱসাগৰত অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমি পূজা৷ বিশ্ব খনিকৰৰ অৰ্চনাৰ অৰ্থে অনুষ্ঠিত হোৱা এই ব্যতিক্ৰমি বিশ্বকৰ্মা পুজা ভাগত পৰিস্ফুত হ’ল সম্প্ৰীটি, একতা আৰু সমন্বয়ৰ এখন নিৰ্ভেজাল ছবি৷ যি খন ছবিয়ে হয়তু সমগ্ৰ বিশ্বলৈ বিলাই দিলে ঐতিহাসিক শিৱসাগৰৰ একতাৰ বাণী৷

শিৱসাগৰ জিলাৰ ই মিডিয়া কার্যলায়ৰ চৌহদত জিলাখনৰ সাংবাদিক সকলে উদযাপন কৰে এই ব্যতিক্ৰমি বিশ্বকৰ্মা পুজা৷ বছৰটোৰ ব্যস্ততাৰ অন্তত বিশ্ব খনিকৰৰ আশীষ বিচাৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা পূজা ভাগ এইবাৰ কৰ’ণা মহামাৰীৰৰ বাবেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে৷ সকলো জাক জমকতা পৰিহাৰ কৰি প্ৰতিমাৰ পৰিৱৰ্তে প্ৰতিছ্ববিৰ সন্মুখতেই আয়োজন কৰা হয় পূজা ভাগ৷।২৪ ঘন্টাই বাতৰিৰ পিছে দৌৰি ফুৰা বাহাৰ, আছিফ, ৰবি, মোজাক্কিৰ, চৰিফুল, ভৈৰৱ, মুজাহিদ, ববীতা, অনন্ত স্মীথ হতৰ আজিৰ দিনটোৰ ব্যস্ততাৰ ওৰ নাই৷ পুৰোহিতৰ আপ্যায়ন, দক্ষিণাৰ পৰা অভ্যাগতক আদৰালৈ সকলোখিনি সম্পুৰ্ণ কৰি তুলি কেমেৰাৰ লেন্সত বিশ্ব কৰ্মাৰ প্ৰতিছব্বিৰ সন্মুখত আশীষ বিচাৰি পুৰোহিতৰ মন্ত্ৰোশ্ৰোকৰ বাণী শুনিবলৈ নিৰ্বিকাৰ চিত্তে বহি থকা যুৱক কেইজনৰ উপস্থিতিয়েই দিছে শিৱসাগৰৰ সাতামপুৰুষীয়া পৌৰণীক একতাৰ কথা৷

উল্লেখ্য যে, যি সময়ত শিৱসাগৰৰ সাতামপুৰষীয়া ঐক্য থানবান কৰিবলৈ গৈ সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাই শিৱসাগৰৰ পৰা পশুখেদা খাইছে সেই সময়তেই শিৱসাগৰৰ ই মিডিয়া সংস্থাৰ পূজা ভাগে অহিষ্ণুতাৰ বিৰুদ্ধে এক সাৰ্বজনীন উদাহৰণ হিচাপে বিশ্বৰ বুকুলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে৷