বিনু তালুকদাৰ

মুকালমুৱা 

১৩ ছেপ্টেম্বৰ

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও স্থিতি সবল কৰাৰ লক্ষ্যৰে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰিছে। দেওবাৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে নাৰায়ণপুৰত অনুষ্ঠিত এক কৰ্মী সভাত উপস্থিত হৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী সকলক দুগুণ উৎসাহেৰে কাম কৰিবলৈ আহ্বান জনায়।

বৰক্ষেত্রী সমষ্টিৰ ভোটাৰ ৰাইজক নিৰ্বাচনী টোপ দিবলৈ বিধায়ক নাৰায়ণ ডেকাই বিভিন্ন অভিলাষী আঁচনি যুগুত কৰিছে যদিও এই আঁচনিত ভোল নাযাবলৈ নেতা কৰ্মীক আহ্বান জনাই কংগ্ৰেছ নেতা গৰাকীয়ে। বৰক্ষেত্রী সমষ্টিৰ নাৰায়ণপুৰত দেওবাৰে ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ পৌৰোহিত্যত অনুষ্ঠিত যুৱ কৰ্মী সভাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাছিৰুদ্দিন আহমেদ, বৰক্ষেত্রী যুৱ কংগ্ৰেছৰ সভাপতি নুৰুল হক, আঞ্চলিক পঞ্চায়তৰ সভাপতি নাছিৰুদ্দিন প্ৰধানী কংগ্ৰেছ নেতা ছুলেমান আলী, হিবজুৰ ৰহমান, অশনি কুমাৰ আহমেদ, লক্ষীধৰ ভূঞা, শৈলেন কলিতাসহ কংগ্ৰেছৰ দলৰ বহু নেতা-কৰ্মী সকল উপস্থিত থাকে।