নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ মাৰ্চ : দক্ষিণ ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাললৈ শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা এক চমন জাৰি কৰা হৈছে। ক্ৰাইম ব্ৰাঞ্চৰ তৰফৰ পৰা চমন জাৰি কৰাৰ পিছত এক নতুন অনাকাংক্ষিত বিপদৰ সন্মূখীন হৈছে অভিনেত্ৰী গৰাকী।

কিছুদিন পূৰ্বে চেন্নাইত কাজল আগৰৱালে অভিনয় কৰা “ইণ্ডিয়ান-২” নামৰ ছবি এখনৰ ছুটিঙ চলি থকা সময়ত ১৫০ ফুট উচ্চতাৰ ক্ৰেন ভাঙি ছবিখনৰ সহকাৰী পৰিচালকজনৰ লগতে ছবিখনৰ সৈতে জড়িত আন দুজন ব্যক্তিৰ গাত আশ্চৰ্যজনক ভাবে পৰি যায়। এই দুর্ঘটনত ৩ জনকৈ ব্যক্তি থিতাতে নিহত হোৱাৰ লগতে ৯ জনকৈ ব্যক্তি আহত হয়। ১৯ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই দুর্ঘটনাৰ পিছতে চেন্নাই আৰক্ষীয়ে ছবিখনৰ ইউনিটৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।

ছবিখনৰ প্ৰযোজক আৰু পৰিচালকজনে প্ৰডাকচনৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাৰ লগতে ছবিখনৰ ইউনিটৰ তৰফৰ পৰা সকলো কৰ্মকতাসকলক অৱহেলা কৰাৰ অভিযোগতে ছবিখনৰ পৰিচালক শংকৰ, অভিনেতা কমল হাছানৰ আৰু কাজল আগৰৱালাৰ বিৰুদ্ধে চমন জাৰি কৰিছে ক্ৰাইম ব্ৰাঞ্চে।