গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ বাবে এক বিশাল ৰূপত ১০ দিনীয়া কাৰ্যসূচীৰে “আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰে। অনুষ্ঠানটোৰ আৰম্ভণি হিচাপে বিগত ১ মাৰ্চত মাণ্ডলিক চিকিৎসালয়ৰ সৈতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কেন্দ্ৰীয় চিকিৎসালয়ত এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয়।

আলোচনাচক্ৰটোত নাৰ্চ, মেট্ৰন, চিকিৎসক আদি মহিলাসকলৰ শাৰীৰিক ভাবে সুস্থভাৱে থকাৰ ক্ষেত্ৰত এক পৰামৰ্শ আগবঢ়োৱাৰ লগতে মহিলা অংশগ্ৰহণকাৰী সকলেও বৰ্তমান সময়ৰ প্ৰত্যাহ্বানৰ লগতে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানৰ দ্বিতীয়দিনা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহিলা কৰ্মচাৰীসকলৰ বাবে মানসিক চাপমুক্ত জীৱনৰ পৰিচালনাৰ ওপৰত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয়। মহিলা কৰ্মচাৰী সকলে যাতে কোনোধৰণৰ উৎকণ্ঠা অবিহনে নিজৰ কৰ্ম সুচাৰুৰূপে সম্পাদন কৰিব পাৰে এই ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়োৱা হয়। তৃতীয় দিনা মহিলাসকলৰ মাজত এখন তৰ্ক প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে মহিলা ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ সমন্বয়ত মালিগাঁও ৰে’লৱে ষ্টেডিয়ামত মহিলা কৰ্মচাৰী সকলক আত্মৰক্ষাৰ বাবে এক কৰ্মশালাৰো আয়োজন কৰা হয়। এই সময়ছোৱাত বিভিন্ন ধৰণৰ পৰিচালক সমিতিৰ তৰফৰ পৰা মহিলা বিষয়বৰ্গৰ মাজত লিংগ সমতাৰ ওপৰত জ্ঞান দিয়াৰ উদ্দেশ্যে নাটক, মুকাভিনয় আৰু মহিলাসকলৰ দ্বাৰা কবিতা, শায়েৰী আৰু বস্ত্ৰ শিল্প লগতে ছবি অংকণৰ প্ৰদৰ্শনৰ এক অনুষ্ঠানো আয়োজন কৰা হয়।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ উদযাপিত অনুষ্ঠানটোৱে বিশেষভাৱে ৰে’ল বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এক বিশেষ তাৎপৰ্য আগবঢ়োৱাৰ লগতে এনেধৰণৰ অনুষ্ঠানসমূহে সৰ্বস্তৰত কৰ্মৰত মহিলাসকলৰ কৰ্মসংস্কৃতিৰ উন্নীতকৰণৰ কৰাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব।