ছৰফৰাজ খান, সংবাদ ৩৬৫ ডেস্ক, ৫ আগষ্টঃ প্ৰতি বছৰে ৰাজ্যত বানপানীয়ে কালৰূপ ধাৰণ কৰি শতাধিক গাঁৱৰ শস্য ভূমিৰ লগতে ঘৰ দুৱাৰৰ ব্যাপক ক্ষতি সাধন কৰে৷ বিশেষকৈ চৰাঞ্চলৰ লোকসকল বানপানীত বিস্তৰ ক্ষতি হয়৷ চলিত বৰ্ষত বানপানীত ২১ খন জিলাৰ প্ৰায় ১৭ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ৬৬ জন লোক মৃত্যু মুখত পৰে৷ বানত ঘৰ মাটি উছন হোৱা পৰিয়াল সমূহে থকা ঠাইৰ অভাৱত বৰ্তমানেও সাহাৰ্য্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ বানপানীৰ পিছত বানাক্ৰান্ত অঞ্চলসমূহত চৰকাৰৰ উপৰি বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি বিশেষে নিজাববীয়াকৈ সাহাৰ্য্য আগবঢ়ায়৷ বানৰ সময়ত চৰাঞ্চল বাসীক নিৰাপত্তা দিয়াৰ লগতে ক্ষয়-ক্ষতি ৰোধ কৰিবলৈ এক অভিনৱ পন্থা গ্ৰহণ কৰিছে ঝাই ফাউণ্ডেছনে৷ বৰপেটাৰ মাজিদভিতা চৰাঞ্চলত প্ৰতি বছৰে বেকী নদীৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰে৷ স্বেচ্ছাসেৱী সংগঠন ঝাই ফাউণ্ডেছনে বানবিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি ব্যতিক্ৰমী আৰু সৃষ্টিশীল চিন্তাৰে স্থানীয় লোকক সমসাময়িক ভাবে নিৰাপত্তা দিবলৈ সক্ষম হৈছে৷ বান সময়ত স্থানীয় বাসিন্দাৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ঝাই ফাউণ্ডেছনে এইসকল লোকৰ ঘৰৰ ভেঁটি ওখকৈ বনাই দিছে৷ যাৰ ফলত চলিত বৰ্ষৰ প্ৰলয়কাৰী বানত নিৰাপদে থাকে এই অঞ্চলৰ বাসিন্দাসকল৷ ঝাই ফাউণ্ডেছনৰ এই পদক্ষেপৰ দ্বাৰা উপকৃত আমিৰজান খাটুন নামৰ মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে, ‘‘প্ৰতিবছৰে বানপানীত আমাৰ ঘৰ-বাৰী বানত ডুব যায়৷ বানৰ ফলত আমাৰ বহু ক্ষতি হয়৷ আমি অনাই-বনাই ঘূৰি-ফুৰিবলগীয়া হয়৷ কিন্তু ঝাই ফাউণ্ডেছনে আমাৰ ঘৰটো ওখকৈ বনাই দিয়াৰ পিছৰে পৰা মই মোৰ স্বামী আৰু সন্তানকেইটাৰ লগত এক নিৰাপদ জীৱন যাপন কৰি আছো৷ বৰ্তমান আমাৰ আৰ্থিক স্থিতি সৱল হোৱাৰ লগতে সন্তানকেইটাক স্কুললৈ পঠিয়াব পাৰিছো৷ বৰ্তমান আমি শান্তিৰে জীৱন যাপন কৰিছো৷’’ আমিৰজানৰ দৰে চৰাঞ্চলটোৰ বহু লোক ঝাই ফাউণ্ডেছনৰ এই পদক্ষেপৰ পৰা উপকৃত হৈ বানপানীৰ পৰা মোকাবিলা কৰিবলৈ সক্ষম হৈছে৷ ঝাই ফাউণ্ডেছনৰ সদস্য আব্দুল কালাম আজাদে কয় যে, ‘‘প্ৰতিবছৰে বানপানীৰ সময়ত চৰাঞ্চলত হোৱা ক্ষয়-ক্ষতি প্ৰত্যক্ষ কৰি আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছো৷ আমি এক বাছনি পক্ৰিয়াৰ জৰিয়তে এই অঞ্চলৰ অৰ্থিক ভাবে দুৰ্বল আৰু মহিলা প্ৰধান ৫০টা পৰিয়ালৰ লোকৰ বাসগৃহ ভেঁটি নিজ খৰছত ওখকৈ বনাই দিছো৷ ইয়াৰ বাবদ আমাৰ সৰ্বমুঠ ৪লাখ৫০ হাজাৰ টকা খৰছ খৰছ হৈছে৷’’ প্ৰতিবছৰে বানৰ সাহাৰ্যৰ নামত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে৷ চৰকাৰে ঝাই ফাউণ্ডেছনৰ এই মডেলৰ আৰ্হি দৰে ব্যৱস্থা গ্ৰহণ কৰি চৰাঞ্চলত ঘৰ নিৰ্মাণ কৰিলে বানৰ সাম্ভাব্য ক্ষতি হ্ৰাস কৰিব পৰা যায়৷

ভিডিঅ’ চাবলৈ তলৰ লিংকটো ক্লিক কৰক