নেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ৩১ জানুৱাৰী : বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাৰ কছৰিয়া গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। জন্ম দিনৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই ২৩ টিকৈ শিশুক আবদ্ধ কৰি হত্যাৰ চেষ্টা সুভাষ বাথম নামৰ এজন লোকৰ ।

প্ৰায় ১১ ঘণ্টাজোৰা অভিযানৰ পিছত লোকজনক হত্যা কৰি আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুসকলক।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া সুভাষ বাথম নামৰ লোকজনে বাৰ্থডে’ পাৰ্টী বুলি কৈ চুবুৰীয়া ২৩টা শিশুক নিজৰ ঘৰলৈ মাতিছিল। তাৰ পিছতে শিশুকেইটাক ঘৰৰ ভিতৰত আবদ্ধ কৰে লোকজনে। সেই সময়ত ঘৰত আছিল সুভাষৰ পত্নীও।

প্ৰাপ্ত খবৰ অনুসৰি শিশুসকলক আবদ্ধ কৰাৰ পিছত লোকজনে ছাঁদলৈ আহি শিশুসকলক আবদ্ধ কৰাৰ কথা সকলোকে জনায় আৰু বোমাৰে উৰাই দিয়াৰ ভাবুকি দিয়ে।

ইয়াৰ পিছতে আতংকিত গাঁৱৰ লোকসকলে এজন লোকক সুভাষৰ সৈতে কথা পাতিবলৈ পঠিয়াই, কিন্তু সুভাষে লোকজনৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। স্থানীয় লোকে এই কথা আৰক্ষীক অৱগত কৰে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘেৰাও কৰে ঘৰটো। আৰক্ষীয়ে সহজভাৱে সুভাষৰ লগত কথা পতাৰ চেষ্টা কৰে যদিও লোকজনে আৰক্ষীলৈও গুলীচালনা কৰে। এই ঘটনাত দুজন জোৱান আহত হয়।

পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হোৱাত আৰক্ষীৰ উচ্চপদস্থ বিষয়াও উপস্থিত হয় ঘটনাস্থলীত। কোনেও বুজা নাছিল যে সুভাষে কি বিচাৰে, কিয় আবদ্ধ কৰিছে শিশুসকলক? মাজতে পুনৰ গুলীচালনা কৰে সুভাষে।

ঘটনা ক্ৰমাৎ জটিল হৈ পৰাত ডিজিপিয়ে এটিএছ দলক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে আৰু এনএছজিৰ সৈতে যোগাযোগ কৰে। আৰু অৱশেষত আৰক্ষীয়ে ব্যক্তিজনক গুলীয়াই শিশুকেইটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।