লখিমপুৰৰ পৰা ইনজামামূল হক চৌধুৰী, সংবাদ ৩৬৫, ৩ জুন : জন্মদিনৰ অনুষ্ঠান এৰি এম্বুলেঞ্চত আহি চিকিৎসালয়ত ভৰ্তি হ’ল এগৰাকী চিকিৎসক। চিকিৎসক গৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে জন্মদিনৰ অনুষ্ঠান এৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল লখিমপুৰ জিলাৰ এগৰাকী চিকিৎসক।

ৰাজ্যত পাতিদিনে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা বহু সংখ্যক লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। এইবাৰ ৰাজ্যত এগৰাকী চিকিৎসক চিকাৰ হ’ল কভিড-১৯ কৰ’ণা ভাইৰাছৰ।লখিমপুৰ জিলাৰ অ পি ডি মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসক কভিড-১৯ পজেটিভ বুলি চিনাক্ত হৈছে। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লখিমপুৰ অ পি ডি মহাবিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়কৰ দায়িত্বত থকা ডাঃ হাছিদ জামানক সম্প্ৰতি উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, গুৱাহাটীৰ বাসিন্দা ডাঃ হাছিদ জামান কিছুদিন পূৰ্বে লখিমপুৰ অ পি ডি মহাবিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰৰৰ তত্বাৱধায়ক হিচাপে যোগদান কৰিছিল। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে এগৰাকী চিকিৎসকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাটো ৰাজ্যবাসীৰ বাবে আন এক উদ্বেগজনক খবৰ।