চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ৩ জুন : চৰাইদেউ জিলাৰ সাপেখাতীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ চাহ বাগিচাত পিঞ্জৰাৱদ্ধ এটা নাহৰফুটুকী বাঘ। নাহৰফুটুকী বাঘটোক চাবলৈ বাগিচাখনত ৰাইজৰ ভিৰ।

বুধবাৰে চৰাইদেউ জিলাৰ সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত পিঞ্জৰাৱদ্ধ হয় এটা নাহৰফুটুকী বাঘ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত বিগত কিছুদিন ধৰি মুক্ত বিচৰণ কৰি আছিল নাহৰফুটুকী বাঘটো। বাগিচাখনত পাত তুলিবলৈ যোৱা দুগৰাকী মহিলাকো আক্ৰমণ কৰি আহত কৰিছিল নাহৰফুটুকী বাঘটোৱে। নাহৰফুটুকী বাঘৰ আক্ৰমণত পাত তুলিবলৈ যোৱা দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে বাগিচাখনৰ কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়াত বন বিভাগে নাহৰফুটুকী বাঘটোক আটক আটক কৰিবলৈ বাগিচাখনত স্থাপন কৰিছিল পিঞ্জৰা।

সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত বিগত কিছুদিন ধৰি মুক্ত বিচৰণ কৰি থকা নাহৰফুটুকী বাঘটো অৱশেষত বুধবাৰে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয়। পিঞ্জৰাৱদ্ধ নাহৰফুটুকী বাঘটোক চাবলৈ সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ নিয়ম ভংগ কৰি বাগিচাখনত ভিৰ কৰে বহু লোকে৷