আব্দুল হক

নগৰবেৰা 

৭ জুলাই

মালিবাৰী পথাৰ বজাৰৰ ওপৰত কোপদৃষ্টি পৰিছে জলজলি নদীৰ। ইতিমধ্যে জলজলি নদীৰ বুকুত জাহ গৈছে বজাৰখনৰ বৃহৎ ভূমি। বছৰৰ পিছত বছৰ ধৰি খহনীয়াৰ কবলত পৰা বজাৰখন ৰক্ষাৰ বাবে কোনো গুৰুত্ব নাই চৰকাৰ তথা জিলা প্ৰশাসনৰ।

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী পথাৰ বজাৰলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই, বজাৰখনত এতিয়া চলিছে জলজলি নদীৰ তাণ্ডৱ। তীব্ৰ খহনীয়াৰ কবলত পৰা বজাৰখনৰ কেইবাটাও দোকান গৃহ ইতিমধ্যে জলজলি নদীৰ বুকুত জাহ গৈছে। প্ৰায় ২০ বছৰ পুৰ্বে প্ৰাক্তন বিধায়ক গোপী দাসে বজাৰখন গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে বান্ধৰ ব্যৱস্থা কৰিছিল যদিও জলজলি নদীৰ তীব্ৰ খহনীয়াত পুৰণি বান্ধ থানবান হৈ যোৱাত পুনৰ গৰাখহনীয়াৰ কবলত পৰিছে বজাৰখন। বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ একমাত্ৰ বজাৰখন গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

মালিবাৰী পথাৰ বজাৰৰ অস্তিত্বলৈ জলজলি নদীয়ে ভাবুকি কঢ়িয়াই অনাৰ পিছতো বজাৰখন ৰক্ষাৰ বাবে চৰকাৰ, প্ৰশাসন তথা স্থানীয় বিধায়িকা নন্দিতা দাসৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন কৰি ৰাইজ ক্ষোভিত হৈ পৰিছে। বজাৰখনক জলজলি নদীৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।