বকো

৬ জুলাই

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমত বনৰীয়া হাতীৰ সন্ত্ৰাস। যোৱা কিছুদিন ধৰি হাহিমৰ বিভিন্ন অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই নিন্দ্ৰা হৰিছে হাহিমবাসীৰ।

ৰাজ্যত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী-মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাতত কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহ মৃত্যুৰ মুখত পৰিছে, কেতিয়াবা আকৌ মানুহৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছে হাতী। বনাঞ্চল ধ্বংস ফলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ বনৰীয়া হাতী প্ৰৱেশ কৰাত এই হাতী-মানুহৰ সংঘাত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ’ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰি সন্ত্ৰাস চলাই থকাৰ মাজতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমত বনৰীয়া হাতীৰ জাকে নিন্দ্ৰা হৰিছে হাহিমবাসীৰ। প্ৰায় ৪০ টা মান বনৰীয়া হাতীৰ এটা জাকে হাহিমৰ বিভিন্ন অঞ্চলত যোৱা কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছে।

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তত ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ ফলতে বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱা পৰিলক্ষিত হয়। স্থানীয় ৰাইজে বন বিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয় যে বিভিন্ন সময়ত অঞ্চলটোত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰাৰ খবৰ বন বিভাগক দিয়াৰ পিছতো বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে।