অলি উল্লাহ খান

লাহৰীঘাট

১৮ ছেপ্টেম্বৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত বৰলুইতৰ পাৰত নাম-ৰ্কীতন খহনীয়াগ্ৰস্ত মহিলা সকলৰ। অঞ্চলটোত অব্যাহত থকা ভয়াবহ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মহিলা সকলে পাতিছে সমূহীয়া নাম-কীৰ্তন

বৰলুুইতৰ ভয়াবহ বান-খহনীয়াত বিধ্বস্ত মৰিগাঁও জিলাৰ ভূৰাগাঁও অঞ্চল। প্ৰতিবছৰে অঞ্চলটোৰ শ শ বিঘা কৃষিৰ লগতে নৈপৰিয়া ৰাইজৰ ভেটি-মাটি বৰলুইতৰ বিশাল বুকুত বিলীন হৈ যোৱাত অসংখ্যজনে হেৰুৱাব লগা হৈছে নিজৰ ঘৰ-দুৱৱৰ। এনেদৰে সৰ্বস্বান্ত পৰিয়ালবোৰে ভূৰাগাঁও অঞ্চলত অব্যাহত থকা বৰলুইতৰ ভয়াবহ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা জল সম্পদ বিভাগ উদাসীনতাৰ ফলত খহনীয়াৰ দৰে জ্বলন্ত সমস্যা সমাধানৰ বৰ্তমানলৈকে সম্ভৱ হৈ উঠা নাই। সেয়ে চৰকাৰ তথা জল সম্পদ বিভাগৰ বিৰুদ্ধে স্থানীয় দল-সংগঠনে ভূৰাগাঁও অঞ্চলটোৰ বান-খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

শুকুৰবাৰেও প্ৰতিবাদৰ ধাৰা অব্যাহত ৰাখি অসম জাতীয়তাবাদী যুৱ ছত্ৰ পৰিষদৰ ভুৰাগাঁও আঞ্চলিক সমিতিয়ে স্থানীয় মহিলা সকলৰ সহযোগত নদীৰ পাৰত নাম-ৰ্কীতন পাতি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ তথা জলসন্পদ বিভাগৰ বিৰুদ্ধে।