তিনিচুকীয়া, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে শনিবাৰে নিশা তিনিচুকীয়া জিলাৰ জাগুনত বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় এজন লোক। বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা শুকৰাম মাহালি নামৰ লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা বনৰীয়া হাতীৰ জাক এটাই আক্ৰমণ কৰি ৪টাকৈ বাসগৃহ লণ্ডভণ্ড কৰে। উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ আক্ৰমণ। খাদ্যৰ সন্ধাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ ৰাইজে বন বিভাগক অনুৰোধ জনাই আহিছে যদিও এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।