গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ফেব্ৰুৱাৰীঃ মহানগৰী গুৱাহাটীত দেওবাৰে এক ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত কৰে আৰক্ষী আৰু স্থানীয় ৰাইজে। জানিব পৰা মতে হাটীগাঁওস্থিত শৰাইঘাট হাউছিং কমপ্লেক্সত কেইজনমান প্ৰৱঞ্চকে ৩০০ টকাৰ বিনিময়ত আধাৰ কাৰ্ড বনাই দিয়াৰ এক প্ৰৱঞ্চনাৰ জাল পাতিছিল। মহানগৰী আজাৰাৰ জোনালী দাস নামৰ মহিলা এগৰাকীয়ে কলকাতাৰ চন্দন কুমাৰ আৰু শুভ কুমাৰ নামৰ দুজন ব্যক্তিৰ লগত মিলিত হৈ আধাৰ কাৰ্ড বনাই দিয়াত নামত ৩০০ টকাকৈ সংগ্ৰহ কৰি থাকোতে বাবুল বৰা নামৰ এজন লোকৰ সন্দেহ হোৱাত আৰক্ষী আৰু সংবাদ মাধ্যমক খবৰ দিয়ে। বাবুল বৰাৰ খবৰৰ বৃত্তিত আৰক্ষীয়ে কমপ্লেক্সটোত অভিযান চলাই আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰা চক্ৰটোৰ লগত যিদিত আটাইকে আটক কৰে। বাবুল বৰাই আৰক্ষীক জানিবলৈ দিয়া মতে বৰ্তমানলৈকে ৫০ জনৰো অধিক লোকে আধাৰ কাৰ্ডৰ নামত চক্ৰটোক ৩০০ টকাকৈ প্ৰদান কৰিছে।