গুৱাহাটী, সংবাদ ৩৬৫, ৮ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৱে আহ্বান জনোৱা ১১ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সমগ্ৰ ৰাজ্যজুৰি পৰিলক্ষিত হয়। বন্ধৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে জনজীৱন। ১১ ঘন্টীয়া অসম বন্ধত বন্ধ সমৰ্থকসকলৰ টায়াৰ জ্বলাই, বিজেপিৰ কাৰ্য্যালয় ভঙাৰ লগতে যান-বাহন ভাঙি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। চৰকাৰ বিৰোধী শ্ল’গানৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে ৰাজপথ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়ৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীত দেখা গ’ল অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। মহানগৰীৰ উজানবজাৰত বন্ধ সমৰ্থকে পথত ৰখাই থোৱা কেইবাখনো বানহত আক্ৰমণ কৰে বন্ধ সমৰ্থকে। মহানগৰীৰ জালুকবাৰী, ধাৰাপুৰ, আজাৰাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা যায়।পুৱাৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ পৰিলক্ষিত হয়। ধাৰাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনত বন্ধ সমৰ্থকে শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হয় এগৰাকী যুৱতী। এই অসম বন্ধৰ সৰ্বাত্মক ৰূপ প্ৰতিফলিত হয় গোলাঘাট চহৰতো। নগৰখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলতসমূহতো বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই পথ অৱৰোধকে ধৰি বিভিন্ন পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ সমৰ্থকে গোলাঘাট জিলা বিজেপি কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি কাৰ্যালয়টোৰ বাহিৰৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে। তিনিচুকীয়া চহৰৰ মাজমজীয়াত বিজেপিৰ পোষ্টাৰ-বেনাৰ দাহ কৰি বন্ধ সমৰ্থকৰ উত্তাল প্ৰতিবাদ। ওদালগুৰিৰ কবিৰালীতো টায়াৰ জ্বলাই প্ৰতিবাদ কৰে আছুই। পলাশবাৰীত ব্যক্তিগত প্ৰতিষ্ঠানত বন্ধ সমৰ্থকে খিৰিকীৰ আইনা ভাঙি চূৰমাৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কৰে। ৰঙিয়াতো ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে। দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান সকলো বন্ধ হৈ পৰে ৰঙিয়াত। মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে মংগলবাৰে আছুয়ে আহ্বান জনোৱা ১১ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সমগ্ৰ ৰাজ্যতে প্ৰতিফলিত হয়। যাৰ ফলত উত্তাল হৈ পৰে সমগ্র অসম।