কুন্দন ভৰালী

নগাঁও

১১ ফেব্ৰুৱাৰী

জুৰীয়া পাঞ্জাৱ নেচনেল বেংকত হেকাৰৰ দৌৰাত্ম্য, পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহকৰ পৰা হেকাৰে কাঢ়ি লৈ গ’ল ধন।আপোনাৰ অজ্ঞাতে আপোনাৰ একাউন্টৰ পৰা হেকাৰে লৈ যাব পাৰে কষ্টোপাৰ্জিত ধন। এনে এক ঘটনা সংঘটিত হৈছে জুৰীয়াত।

নগাঁও জিলাৰ জুৰীয়া পাঞ্জাৱ নেচনেল বেংকৰ জাফৰ আলী নামৰ এজন গ্ৰাহকৰ পৰা অজ্ঞাতে এক লক্ষাধিক টকা হেকাৰে লৈ যায়। যোৱা মঙলাবাৰে জাফৰ আলীয়ে জুৰীয়া পাঞ্জাৱ নেচনেল বেংকত এজন আত্মীয় লোকৰ দ্বাৰা একলক্ষ টকা উঠাব গৈছিল। কিন্তু বেংক কৰ্তৃপক্ষই সেইদিনা বেংকত টকা নাই বুলি ওভতাই পঠাই কিন্তু নিশা ৰহস্যজনকভাৱে তেখেতৰ ম’বাইলত দুটা মেছেজ আহে আৰু মেছেজ দুটা প্ৰত্যক্ষ কৰাত দুটা কিস্তিত একলক্ষ টকা কোনো অজ্ঞাত একাউণ্টৰ দ্বাৰা হেকাৰে কাঢ়ি লৈ যোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে অনুসন্ধান চলাই জাফৰ আলীয়ে উক্ত অজ্ঞাত হেকাৰজনৰ একাউন্ট আৰু হেকাৰজন ঝাৰখণ্ডৰ মনোজ কুমাৰ বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে জুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ লগতে বেংক কৰ্তৃপক্ষকো এক অভিযোগ দাখিল কৰে কিন্তু বেংক কৰ্তৃপক্ষই গ্ৰাহক গৰাকীক বিশেষ সহায় নকৰাৰ অভিযোগ উঠিছে। সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত যদিও উক্ত ঘটনাৰ উচিত তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।