হোজাই

১১ ফেব্ৰুৱাৰী

আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ৷ যমুনামুখৰ ৫৭ টা পৰিয়ালক ৭০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিলে আজমল ফাউণ্ডেচনে৷ হোজাই জিলাৰ ডবকাৰ ভেলেউগুৰীত আজমল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এখন সভাত ভাগ লৈ সাহাৰ্য্য সামগ্ৰীসমূহ বিতৰণ কৰে আজমল চি এছ আৰৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷

হোজাইৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰীত আজমল বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে বুলি মন্তব্য কৰে ধুবুৰীৰ সাংসদ বৰুদ্দিন আজমলে৷ ডবকাৰ ভেলেউগুৰীৰ লগতে অহা এবছৰৰ ভিতৰত আজমল ফাউণ্ডেচনে ধুবুৰীত আন এখন বিদ্যবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে। সভাত আজমল ফাউণ্ডচনে ৫৭ টা পৰিয়ালক কৰ্ম সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে৷ সাংসদ বদৰুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ডবকাৰ ভেলেউগুৰীত ৫৭ টাকৈ পৰিয়ালক ৭০ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়।

আজমল ফাউণ্ডেচনে সভাত ই-ৰিক্সা, অষ্টেলিয়ান গাইগৰু, মহিলাক চিলাই মেচিন, মটৰ চাইকেলৰ লগতে হাঁহৰ পোৱালীসহ অন্যান্য সামগ্ৰী বিতৰণ কৰে৷ আজমল ফাউণ্ডেচনৰ এই প্ৰশংসনীয় কামৰ শলাগ লয় স্থানীয় ৰাইজে ৷