মানকাচৰ, সংবাদ ৩৬৫, ৯ জানুৱাৰী : হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখী এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাত পতিত হয়। টেম্পোখন আছিল নম্বৰবিহীন ।

হাটশিঙিমাৰী-মানকাচৰ পথটো অতি জৰাজীৰ্ণ যাৰ বাবেই ফেকামাৰীত দুৰ্ঘটনাত পতিত হয় টেম্পোখন। বাহনখন বাগৰি খাৱৈত পৰি যোৱাৰ ফলত থিতাতে ১৮ বছৰীয়া এজন যুৱক অমিৰ হুছেইন নিহত হয় ।

আহতসকলক ভৰ্তি কৰোৱা হয় হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ।

আহতসকল ক্ৰমে ছহিদূৰ ৰহমান, জগু শেখ সহ আন এগৰাকী যাত্ৰী।

নিহত যুৱকজনৰ মৃতদেহ খাৰুৱাবান্ধা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।