নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ জানুৱাৰী : অসমৰ পৰা বাংলাদেশলৈ আৰু বাংলাদেশৰ পৰা অসমলৈ গৰু সৰবৰাহ। মানকাছৰৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কাটা তাঁৰৰ বেৰৰ ওপৰেদি ঢেকিৰ সহযোগত ভাৰতত প্ৰৱেশ দুই বাংলাদেশীৰ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ দুই বাংলাদেশী । ধৃত বাংলাদেশী কেইটা ক্ৰমে ছহিদুৰ ইছলাম

আৰু নাছিৰ উদ্দীন।

আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় চাৰিটাকৈ গৰু সহ দুই বাংলাদেশী গৰু সৰবৰাহকাৰীক।

উল্লেখযোগ্য যে বুধবাৰে পুৱা প্ৰায় ৫ বজাত মানকাচৰৰ কুকুৰমাৰা বিএছএফ কেম্প এলেকাৰ ডাকোৰভিটা কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশৰ ফালৰ পৰা ঢেকিৰ সহযোগত অসমলৈ প্ৰৱেশ কৰে ছহিদুৰ ইছলাম । পুনৰ ঢেঁকীৰ সহযোগত বাংলাদেশলৈ প্ৰৱেশ কৰিবলৈ লওঁতেই গৰুসহ আটক কৰে সৰবৰাহকাৰীটোক ।

ইফালে ছহিদুৰ ইছলামক আটক কৰাৰ কিছু সময়ৰ পাছতেই সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে তিনিটা গৰুসহ নাছিৰ উদ্দীনক ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বাংলাদেশী গৰু সৰবৰাহকাৰী দুজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ চেংটাপাৰা গাঁৱৰ বাসিন্ধা ।