গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : লক ডাউনৰ সময়ত জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ সুবিধাৰ লগতে ৰাজপথলৈ অপ্ৰয়োজনীয় কাৰণত ওলাই অহা লোক সকলক নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীয়ে এক বিশেষ পদক্ষেপ অৱলম্বন কৰিছে। অসম আৰক্ষীয়ে জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলে যাতে কোনো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ নিজৰ দায়িত্ব পালন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এই ব্যক্তি সকলক প্ৰদান কৰিব বিশেষ পৰিচয়পত্ৰ।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ এতিয়া সমগ্ৰ বিশ্ববাসীৰ বাবে আতংকৰ অন্য নাম। এই মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্ৰমণৰ ফলত এতিয়া স্তব্ধ সমগ্ৰ বিশ্ব। বিশ্বৰ প্ৰায় সংখ্যক দেশৰ ৰাজপথ এতিয়া জনশূণ্য, তলা ওলমি আছে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত, বিশ্বৰ কোটি কোটি মানুহ আবদ্ধ হৈছে আছে ঘৰৰ ভিতৰত। কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ নৃত্য কৰিছে বিশ্ববাসীৰ মূৰৰ ওপৰত। বিশ্বৰ কেইবাখনো দেশ কভিড-১৯ কৰ’ণা ভছিৰাছৰ আগত অসহায় হৈ সমগ্ৰ দেশখনকে লাক ডাউন কৰাৰ নিচিনা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰেও ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা ২১ দিনৰ বাবে লক ডাউন কৰিছে সমগ্ৰ ভাৰতবৰ্ষক। লক ডাউনৰ সময়ত অসমত যাতে জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলক কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ নিজৰ দায়িত্ব পালন কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে এই ব্যক্তি সকলক প্ৰদান কৰিব বিশেষ পৰিচয়পত্ৰ। চৰকাৰী কৰ্মত নিয়োজিত ব্যক্তি, চিকিৎসা কৰ্মী, সাংবাদিক, বেংক কৰ্মচাৰী, খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলৰ লগতে অন্যান্য জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকল তেওঁলোকৰ অঞ্চলত থকা আৰক্ষী চকীৰ পৰা সংগ্ৰহ কৰিব লাগিব এই বিশেষ পৰিচয়পত্ৰ। আৰক্ষীৰ পৰা বিশেষ পৰিচয়পত্ৰ লাভ কৰিবলৈ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলে আৰক্ষীক প্ৰদান কৰিব লাগিব তেওঁলোকৰ জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত থকাৰ প্ৰমাণপত্ৰ।

উল্লেখ্য যে, ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লক ডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজ চৰকাৰী নিৰ্দেশনা আৰু আইন ভংগ কৰি ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইত আৰক্ষীয়ে ৰাজপথলৈ ওলাই অহা লোক সকলক ঘৰৰ ভিতৰত থকাৰ বাবে অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছিল। আন কিছুমান ঠাইত আৰক্ষী ৰাজপথত ওলাই অহা লোক সকলক খেদি পঠিয়াবলৈ কিছু কঠোৰ হৈ লাঠি চালনা কৰিবলৈ বাধ্য হৈছিল।