নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ মাৰ্চ : কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত সংখ্যা বৃদ্ধি পাইছে দেশত। বৰ্তমানলৈকে ৭২৪ গৰাকী লোক ভাৰতবৰ্ষত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্ৰান্তৰ লগতে মৃত্যু সংখ্যাও বৃদ্ধি পাই ১৭ হৈছে। সমগ্ৰ বিশ্বত ৫ লাখতকৈও অধিক লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃত্যু হৈছে প্ৰায় ২২ হাজাৰ লোকৰ।

সমগ্ৰ বিশ্ব এতিয়া মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ কবলত। বিশ্বৰ প্ৰায় প্ৰতিখন দেশলৈ বিয়পিব ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। প্ৰতিদিনে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ যাতে বিশ্বৰ অন্য দেশ সমূহৰ নিচিনা তাণ্ডৱ চলাব নোৱাৰে ইয়াৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ভাৰত চৰকাৰে। চৰকাৰে সমগ্ৰ ভাৰতত তলা বন্ধৰ নিচিনা অতি গুৰুত্বপূৰ্ণ আৰু কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। দেশত চৰকাৰৰ তলা বন্ধৰ সিদ্ধান্তই কভিড-১৯ কৰ’ণা ভাইৰাছ সংক্ৰমণৰ গতি কিছু পৰিমানেও হ্ৰাস কৰিবলৈ সক্ষম হৈছে যদিও এই ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰতত বৰ্তমানলৈকে ৭২৪ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ পৰিবৰ্তে এই মাৰাত্মক ভাইৰাছৰ কবলত পৰি মৃত্যু হৈছে ১৯ গৰাকীকৈ লোকৰ। আনহাতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে। দেশখনত ৯ গৰাকীকৈ লোকৰ কভিড-১৯ কৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হোৱাৰ পৰিবৰ্তে সংক্ৰমিত লোকৰ সংখ্যা হৈছে ১,১০০।

চীনৰ য়ুহান প্ৰদেশত উৎপত্তি ঘটা কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে। আমেৰিকাৰ নিচিনা শক্তিশালী দেশতো প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। আমেৰিকাত বৰ্তমানলৈকে ৮১,৩২২ গৰাকী লোক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।