ফজলুৰ ৰহমান

সোণতলী

২৫ নৱেম্বৰ

সোণতলীত সমঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰ্যাতনৰ ঘটনা। দৰিদ্ৰ শ্ৰমিকক ওপৰত ওৰে নিশা চলিল তালিবানী শাস্তি। টকা আৰু নাৰীৰ বাবে ইটা ভাটাৰ শ্ৰমিকক লো’ৰ শিকলিৰে বান্ধি নিৰ্যাতন চলালে ইটা ভাটাৰ স্বত্তাধিকাৰীয়ে। স্থানীয় সাংবাদিক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিলে নিৰ্যাতিত শ্ৰমিকক।

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সেলেসুঁতি গাঁৱৰ এইজন প্ৰভাৱশালী ব্যক্তিৰ কৰ্ম-কাণ্ডই চকু কপালত তুলিছে অঞ্চলবাসীৰ। শ্বহিদুল ইছলাম নামৰ প্ৰভাৱশালী লোক জনে এগৰাকী শ্ৰমিকৰৰ ওপৰত চলোৱা নিৰ্যাতনৰ ঘটনাই ক্ষোভিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক। নাৰী আৰু টকাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই ছালমা ব্ৰিকচ্ ইণ্ডাষ্ট্ৰিচৰ স্বত্তাধিকাৰী শ্বহিদুল ইছলামে প্ৰায়ে ইটা ভাটাত কৰ্মৰত শ্ৰমিক সকলক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ শ্ৰমিকে। গভীৰ নিশা হ’লেই শ্ৰমিকৰ ৰুমত সোমাই স্বামীক অন্য স্থানলৈ পঠিয়াই মহিলা শ্ৰমিকৰ ওপৰত শ্বহিদুল ইছলামে যৌন নিৰ্যাতন চলোৱা বুলিও অভিযোগ কৰে একাংশ শ্ৰমিকে। কেৱল টকা আৰু নাৰীৰ বাবে আইন হাতত লৈ শ্বহিদুল ইছলামে এজন দৰিদ্ৰ শ্ৰমিকৰ হাত-ভৰি শিকলিৰে বান্ধি শ্ৰমিক জনকৰ ওপৰত ওৰে নিশা তালিবানী শাস্তি চলাই থকা বুলি জানিব পাৰি এদল সাংবাদিকৰ তৎপৰতাত সোণতলী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় ইটা ভাটাত কৰ্মৰত নিৰিহ শ্ৰমিক জনক ৷

লম্পট শ্বহিদুল ইছলাম যে পৰনাৰীৰ দেহভোগ কৰাত অধিক পাকৈত, ইয়াৰ বহু জলন্ত উদাহৰণ আছে ইটা ভাটাত কৰ্মৰত শ্ৰমিক সকলৰ মাজত। লম্পট শ্বহিদুল ইছলামৰ বিৰুদ্ধে আছে বহু বিস্ফোৰক অভিযোগ৷ পৰৱৰ্তি প্ৰতিবেদন ফাদিল হ’ব লম্পট শ্বৰিদুলৰ বহু কু-কৰ্ম৷