গুৱাহাটী

২৫ নৱেম্বৰ

তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমৰ লগত কথাৰ পতাৰ দৰেই অনুভৱ হৈছিল। প্ৰতি মুহূৰ্ততে কেৱল অসমৰ কথাই পাতিছিল তৰুণ গগৈয়ে। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আৱেগিক ৰাহুল গান্ধী।

সোমবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটা ৰাজ্যৰ তিনিটাকৈ কাৰ্য্যকালৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বুধবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। বুধবাৰে বিশেষ বিমান যোগে গোৱাৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই ৰাহুল গান্ধী ৰাওনা হয় শংকৰদেৱ কলাক্ষেত্ৰলৈ। শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আৱেগিক হৈ পৰে ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে এগৰাকী গুৰুক হেৰুওৱা বুলি উল্লেখ কৰি তৰুণ গগৈয়ে প্ৰতি মুহূৰ্ততে দিল্লীত কেৱল অসমৰ কথাই পাতিছিল বুলি মন্তব্য কৰে। তৰুণ গগৈয়ে অসমক বহুত ভাল পাইছিল বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তৰুণ গগৈয়ে জীৱনত যি কৰিছে কেৱল অসমৰ বাবেই কৰিছে। এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমৰ লগত কথা পতাৰ দৰেই অনুভৱ অনুভৱ হৈছিল বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

কৰ’ণা ভাইৰাছত আক্রান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। যোৱা শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শৰীৰৰ অৱস্থা অধিক অৱনতি ঘটে আৰু সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনতাৰ নেতা হিচাপে খ্যাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।