মুস্তাক আহমেদ

জুৰীয়া

২৫ নৱেম্বৰ

বাল্য বিবাহ, মদ, ভাং, জুৱা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আমছুৰ সজাগতা সভা। আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা।

নগাঁও জিলাৰ ৰূপহীহাটত আমছুৰ সজাগতা সভা। বাল্য বিবাহ, মদ, ভাং, জুৱা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্য কলাপ বিৰুদ্ধে ৰূপহীহাটৰ হাতীপুখুৰীত আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত হাতীপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় আমছুৰ সজাগতা সভা। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ছবিত পূষ্পাঞ্জলি আগবাঢ়িই ১ মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নৱগঠিত হাতীপুখুৰী আঞ্চলিক সমিতিয়ে শপদ গ্ৰহণ কৰে।সভাপতি মাহবুবুল হুছেইন আৰু সাধাৰণ সম্পাদক ফকৰ উদ্দিন আলি আহমেদসহ ২১ জনীয়া শক্তিশালী হাতীপুখুৰী আঞ্চলিক সমিতিক শপদ বাক্য পাঠ কৰোঁৱাই আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুৰ ৰহিমে।

অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, সহকাৰী সাধাৰণ সম্পাদক ওৱাহিদুৰ ৰহমান নগাঁও জিলা সমিতিৰ কেইগৰাকী বিষয়ববীয়াৰ লগতে বহু আমছু কৰ্মীৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে।