বটদ্ৰৱৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১জানুৱাৰী: নতুন বছৰৰ পহিলা দিনটোত আজি নগাঁও জিলাৰ অন্তৰ্গত টুকটুকী প্ৰেছ ক্লাৱত গণতন্ত্ৰত সাংবাদিকতাৰ ভূমিকা শীৰ্ষক এটি আলোচনা চক্ৰ সম্পন্ন হৈ যায়। মংগলবাৰে দুপৰীয়া ১বজাত টুকটুকী প্ৰেছ ক্লাৱৰ সভাপতি জলাল উদ্দীন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত আলোচনা চক্ৰটিত আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল জব্বাৰ আৰু কটহগুৰি নিউ প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ আজিজুৰ ৰহমানে উপস্থিত থাকি কয় যে গণতন্ত্ৰত সাংবাদিকৰ ভূমিকা অপৰিসীম। সাংবাদিক অবিহনে গণতন্ত্ৰ টিকি থাকিব নোৱাৰে। সাংবাদিকসকল হল সমাজৰ প্ৰহৰী স্বৰূপ। আলোচনা চক্ৰটিত টুকটুকী ইকৰা একাডেমিৰ অধ্যক্ষ খাইৰুল ইছলামে ভাষণ প্ৰসংগত কয় যে সাংবাদিক সকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যদিওঁ আজিৰ যুগত সাংবাদিকৰ নিৰাপত্তা একেবাৰে কম, যাৰফলত তেওঁলোকে প্ৰায়েই বিভিন্ন সমস্যাৰ লগতে বিপদত পৰা দেখা যায়। উল্লেখ্য যে কিছুদিন পূৰ্বে সাংসদ বদৰুদ্দিন আজমলে তেওঁৰ এক সংবাদমেলত এগৰাকী সাংবাদিকক প্ৰহাৰ কৰাৰ লগতে অসভ্য গালি-গালাজ পাৰি দুৰ্ব্যৱহাৰ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যজুৰি তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ সাৰমৰ্মেই উক্ত আলোচনাচক্ৰটিত টুকটুকী গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি আমিনুল হক (মুকুট), সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কটহগুৰি অঞ্চলিক সমিতিৰ সম্পাদক মতিউৰ ৰহমান, সাংবাদিক মোজাম্মিল খান, জুয়েল উদ্দীন, নজৰুল ইছলাম, আমছু নগাঁও জিলা সমিতিৰ উপ-সভাপতি জহিৰুল ইছলাম লগতে অঞ্চলটোৰ কেইবাজনো উচ্চ শিক্ষিত যুৱক উপস্থিত আছিল। ইপিনে টুকটুকী প্ৰেছ ক্লাৱৰ সম্পাদক মুস্তাফা ছালিম আহমেদে আতধৰা অনুষ্ঠানটিত ২০১৯ বৰ্ষৰ কেলেণ্ডাৰো উন্মোচন কৰা হয়