গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : শুকুৰবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাস্থিত দক্ষিণগাঁও পাহাৰৰ পৰা বন বিভাগে পিঞ্জৰাবদ্ধ কৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। পাহাৰৰ শিলৰ গোহাৰ মাজত লুকাই থকা নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰি বন বিভাগে পিঞ্জৰাবদ্ধ কৰি প্ৰেৰণ কৰে চিৰিয়াখানালৈ।

দক্ষিণগাঁৱৰ পাহাৰীয়া অঞ্চলত বিগত কিছুদিন ধৰি নাহৰফুটুকী বাঘ এটাই অঞ্চলটোৰ কেইবাটাও কুকুৰ আৰু ছাগলীক ভক্ষণ কৰি সমগ্ৰ অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল। শুকুৰবাৰেও দিনৰ প্ৰায় তিনি মান বজাত নাহৰফুটুকী বাঘটোৱে এটা কুকুৰক আক্ৰমণ কৰি ভক্ষণ কৰি থকা অৱস্থাত ৰাইজৰ দৃষ্টি গোচৰ হোৱাত ৰাইজ আতংকিত হৈ পৰে। প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক প্ৰত্যক্ষ কৰাৰ লগে লগে কেইজনমান যুৱকে হতে হতে লাঠি, জোঙালৈ নাহৰফুটুকীটোক খেদি যোৱাত নাহৰফুটুকী বাঘটো পাহাৰত থকা শিলৰ গোহাৰ ভিতৰলৈ পলায়ন কৰে। পাহাৰত নাহৰফুটুকী বাঘ ওলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ কেইবাশ লোক ওলাই আহে নাহৰফুটুকী বাঘটোক চাবলৈ। শিলৰ গোহাৰ ভিতৰত আবদ্ধ হৈ থকা নাহৰফুটুকী বাঘটোক আটক কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত নিশা প্ৰায় ৮ মান বজাত বন বিভাগৰ এটা দল পাহাৰত উপস্থিত হয়। বন বিভাগৰ দলটোৱে আৰক্ষীৰ সহযোহত গোহাৰ ভিতৰত থকা নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰি গোহাৰ পৰা উলিয়াই আনে। নিশা প্ৰায় ১০ মান বজাত বন বিভাগৰ লোকে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।

বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে পিঞ্জৰাবদ্ধ হোৱা মাইকী নাহৰফুটুকী বাঘটোৰ বয়স আনুমানিক দুই বছৰ হ’ব। পাহাৰৰ কিছুমান লোকে অঞ্চলটোৰ আৰু কেইবাটাও নাহৰফুটুকী বাঘ থকাৰ আশঙ্কা প্ৰকাশ কৰিছে।