ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ: ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি ডিগবৈ সমষ্টিৰ অন্তৰ্গত ১১খন গাওঁ পঞ্চায়তত কংগ্ৰেছৰ দুৰ্গ খহাই বিজেপিয়ে ডিগবৈ পঞ্চায়ত দখল কৰে । ডিগবৈ বিধান সভা সমষ্টিত ৪০ বছৰে শাসনৰ বাঘজৰি ধৰি ডিগবৈত ১১খনকৈ পঞ্চায়তত কংগ্ৰেছৰ দুৰ্গ সৃষ্টি কৰা বিজেপি দলৰ দখলত। ডিগবৈ সমষ্টিৰ পঞ্চায়তৰ ১১০টা ৱাৰ্ডৰ ভিতৰতে মুঠ ৯৮টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয় ডিগবৈ বি জে পিয়ে। ১১০টা ৱাৰ্ডৰ ভিতৰত ৯৮টা ৱাৰ্ড শাসকীয় দল বিজেপিয়ে দখল কৰি এক ইতিহাস ৰচিবলৈ সক্ষম হয় । বিজেপি দলৰ বিধায়ক সুৰেন ফুকনে দলীয় প্ৰাৰ্থী সকলক শুকুৰবাৰে ডিগবৈৰ টিংৰাইত অনুস্ঠিত হোৱা এক ৰাজহুৱা সভাত সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত ৰাইজৰ লগত মিলি কাম কাজ সমুহ নিস্ঠাসহকাৰে কৰি যাবলৈ অাহ্বান জনায় জনপ্ৰতিনিধি সকলক।