গোৱালপাৰা, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ: গোৱালপাৰা জিলাৰ ধূপধাৰাত পুৱতি নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। মানকাচাৰৰ পৰা গুৱাহাটী অভিমুখী নৈশবাছ(এ এছ ০১ এফ চি-০৪০১) আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা মহেন্দ্ৰ পিক আপ এখনৰ(এ এছ ২৬ চি ৬০৩৬) নম্বৰৰ বাহনখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় দুই পিকাৰ আৰোহী মেন্দীপথাৰৰ জোতিষ ৰাভা চালক(২২), কৃষ্ণাইৰ চন্দ্ৰকান্ত খানাল, (২৩) আৰু দক্ষিণ ছিকিমৰ আন এজন চৰন অধিকাৰী (২৫)। মানকাচাৰৰ পৰা গুৱাহাটী অভিমুখী নৈশবাছৰ চাৰিগৰাকী যাত্ৰী গুৰুতৰ ভাৱে আহত হয়। তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোৱালপাৰা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।