ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ: মঙ্গলবাৰে ডিগবৈ চহৰত বৃহৎ পৰিমানৰ অবৈধ নথি-পত্ৰ বিহীন কয়লা ভৰ্তি ট্ৰাক সমূহ জব্দ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম তিনিচুকীয়া জিলা সমিটিয়ে। অবৈধ ট্ৰাকসমূহ জব্দ কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ছাত্ৰ মুক্তিয়ে। উল্লেখ্য যে দৈনিক শ-শ অবৈধ কয়লা ভৰ্তি ট্ৰাক লিডু, মাৰ্ঘেৰিটা, লেখাপানী, জাগুনত দৈনিক হাজাৰ হাজাৰ টন অবৈধ কয়লাৰ বেহা চলোৱাৰ লগতে চলাই গৈছে একাংশ কয়লা মাফিয়াই বনজ সম্পদৰ ধংস যঞ্জ । দৈনিক কোটি কোটি টকাৰ ৰাজহ কৰ হেৰুৱাইছে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ । কয়লা ক্ষেত্ৰত চলিছে বৃহৎ ছিণ্ডিকেট ৰাজ। এই বৃহৎ পৰিমানৰ কয়লা ছিণ্ডিকেট ৰাজ চলাইছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নেতৃত্বত । এই অভিযোগ উত্থাপন কৰিছে ছাত্র মুক্তি সংগ্ৰাম তিনিচুকীয়া জিলা সমিটিয়ে ।