তামুলপুৰ, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ: তামুলপুৰ থানাৰ অন্তৰ্গত নাগ্ৰিজুলী আৰক্ষী চকীৰ অধীনস্থ বিমলা নগৰত মঙ্গলবাৰে উদ্ধাৰ হয় এটা ৰকেট লাঞ্চাৰ । বাল্টি নদীৰ পাৰত খেলি থকা অৱস্থাত কেইজনমান চেমনীয়াই প্ৰত্যক্ষ কৰে ৰকেট লাঞ্চাৰটো। ৰকেট লাঞ্চাৰটো প্ৰত্যক্ষ কৰি তেওঁলোকে লগে লগে স্থানীয় ৰাইজক বিষয়টো অৱগত কৰায় । পাছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । সেনা আৰু আৰক্ষীয়ে সেনাৰ বোমা বিশেষজ্ঞ দলৰ লগত যোগাযোগ অব্যাহত ৰাখে । পৰবৰ্তী সময়ত সেনাৰ বোমা বিশেষজ্ঞই বোমাটো নিষ্ক্ৰিয় কৰিব বুলি জানিব পৰা গৈছে । সম্প্ৰতি সেনা আৰু আৰক্ষীয়ে বোমাটোৰ চৌদিশে পহৰা দি আছে । আৰক্ষীৰ ভাষ্যমতে ৰকেট লাঞ্চাৰটো ২০০৬ৰ সেনাৰ ফায়াৰিং ৰেঞ্জৰ সময়ত ৰৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে | সম্প্ৰতি বিমলা নগৰ অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে । উল্লেখ্য যে এঘাৰ অক্টোবৰ তাৰিখেও এটা উদ্ধাৰ হৈছিল এটা ৰকেট লাঞ্চাৰ ।