ডিমাপুৰ

৮ ছেপ্টেম্বৰ

নাগালেণ্ডৰ ডিমাপুৰত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ ফলত থিতাতে এজন লোক নিহত হোৱাৰ লগতে চাৰিজনকৈ লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত লোক চাৰিজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ প্রধান বাণিজ্যিক চহৰ ডিমাপুৰত মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হােৱা এক ভয়ংকৰ বিষ্ফোৰণৰ ঘটনাত এজন লােক থিতাতে নিহত হয়। ঘটনা সন্দর্ভত বৰ্তমানলৈকে জানিব পৰা মতে ডিমাপুৰৰ ইউ এন বি কলনিৰ বার্মা কেম্প নামৰ ঠাইত ভঙা সামগ্রীৰ এটা গুদাম ঘৰৰ ভিতৰত এটা শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত এজন লােক থিতাতে নিহত হােৱাৰ বিপৰীতে আন চাৰিজন লোক গুৰুত্বৰভাৱে আহত হয়। আহত চাৰিজন লোকৰ ভিতৰত দুজন লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলিও জানিব পৰা গৈছে। আহত লোক সকলক ইতিমধ্যে চিকিৎসালয়ত ভর্তি কৰােৱা হৈছে। বিস্ফেৰণটোৰ প্রাবল্য ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত এজন লােকৰ হাত-ভৰি পর্যন্ত ছিঙি যােৱা বুলি জানিব পৰা গৈছে।

ভঙা টিন, প্লাষ্টিকজাতীয় সামগ্রীৰ লগত বোমা জাতীয় কিবা সমগ্রী গুদাম ঘৰটোত দুর্ঘটনাক্রমে বিস্ফোৰিত হােৱাৰ ফলতে এই শােকাৱহ ঘটনা সংঘটিত হােবা বুলি অনুমান কৰা হৈছে। বিয়লি ডিমাপুৰ আবক্ষীয়ে চছিয়েল মিডিয়াযােগে সদৰি কৰা অনুসৰি গুদাম ঘৰটোত কিবা এটা সমগ্রী হাতুৰীৰে কোব মৰাৰ ফলতে এই বিস্ফোৰণ সংঘটিত হয়। ঘটনা সন্দর্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।