গুৱাহাটী, ২৮  নৱেম্বৰঃ মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়াৰ বিভিন্ন অঞ্চলত সোমবাৰে নিশা অহা প্ৰবল শিলাবৃষ্টিৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমিত সম্পূৰ্ণৰূপে বিনষ্ট হয় আঘোণৰ পকা ধান। পথাৰৰ পকা ধান চপাই নতুন ধানৰ চাউলেৰে মাঘৰ বিহুত এসাঁজ খাবলৈ মাজত দুমাহ বাকী থাকোতে শিলাবৃষ্টিৰ ফলত সোনগুটি বিনষ্ট হোৱাত শোকত ভাঙি পৰিছে বৃহত্তৰ ডিমৰীয়াবাসী। মহানগৰীৰ সমীপৱৰ্তী কৃষিপ্ৰধান অঞ্চলতো ধানৰ উৎপাদনৰ বাবে বিখ্যাত। এই অঞ্চলটোৰ ৰাইজৰ প্ৰধান জীৱিকা হৈছে ধানৰ খেতি আৰু ধানৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা এই কৃষিজীৱী ৰাইজৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰুল। নিশাৰ শিলাবৃষ্টিৰ ফলত ক্ষেত্ৰী থানৰ অন্তৰ্গত উলনী, পশ্চিম উলনী আৰু ভেৰাকুছিত কেইবা হেক্টৰ পথাৰৰ পকা ধান সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত পথাৰৰ পকা ধানৰ লগতে অঞ্চলটোৰ বিভিন্ন লোকৰ ঘৰৰ তামোল গছক ধৰে বিভিন্ন গছ ভাঙি পৰা পৰিলক্ষিত হয়।