মাৰ্ঘেৰিটাৰ পৰা ৰবীন শৰ্ম্মা, ২৭  নৱেম্বৰঃ বিতৰ্কিত মন্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি থকা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব নাই স্বাস্থ্য বিভাগটোৰ প্ৰতি। ৰাজ্যৰ স্বাস্থ্য বিভাগতোৰ বৰ্তমানৰ অৱস্থা ৰাজ্যবাসীৰ পৰা লুকাই থকা নাই। চিকিৎসালয়সমূহত ৰোগীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰৰ বাতৰিত বিভিন্ন সময়ত সংবাদ প্ৰতিষ্ঠান সমূহত পৰিবেশন হোৱা দেখা যায়। ভিতৰুৱা অঞ্চলবোৰত এম্বুলেন্স সেৱাৰ অভাৱত কেতিয়া যদি চিকিৎসালয় পোৱাৰ পূৰ্বে ৰোগীৰ মৃত্যু ঘটে, কেতিয়াবা আকৌ গৰ্ভৱতী মহিলাই ঠেলাতে সন্তান জন্ম দিয়ে। কিন্তু তিনিচুকীয়া জিলাৰ জগুন ক্ষুদ্ৰ প্রাথমিক চিকিৎসালয়ত এম্বুলেন্স থকাৰ পিছতো এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈছে টিৰাপ মৌজাৰ অন্তৰ্গত কেইবাখনো গাৱৰ ৰাইজ। প্রাথমিক চিকিৎসালয়খনত থকা এএছ-০১-এই-৫১১৮ নম্বৰৰ এম্বুলেন্সখন বিগত কেইবা বছৰ ধৰি বেয়া হৈ পৰি থকাৰ ফলত কাষৰণী, পাৰ্বতিপুৰ, ৰামপুৰ, কথাচেমা, ৰামানগৰ, চন্দ্ৰপুৰ, হাজং, ফুলবাৰীকে ধৰি কেইবাখনো গাৱৰ ৰাইজ বঞ্চিত হৈছে এম্বুলেন্স সেৱাৰ পৰা। এই বৃহত্তৰ অঞ্চলটোৰ বাসিন্দাসকলে স্বাস্থ্যমন্ত্ৰীক অনুৰোধ জনাইছে চিকিৎসালয়খনক এখন নতুন এম্বুলেন্স প্ৰদান কৰাৰ বাবে যাতে ৰাইজে জৰুৰীকালীন সময়ত এই সেৱাৰ পৰা উপকৃত হব পাৰে।