মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

২৫ ছেপ্টেম্বৰ

কভিড-১৯ ৰ ভয়াবহতাৰ বাবে স্থগিত হৈ থকা বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পৰবৰ্তি দিন ঠিক হোৱা নাই যদিও অব্যাহত আছে ৰাজনৈতিক কুচ-কাৱাজ৷ প্ৰতিটো ৰাজনৈতিক দলে নতুন সদস্য যোগদান অভিযান চলাই দলৰ ভেটি শক্তিশালি কৰাৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৫নং শৰাইবিল সমষ্টিৰ সংলগ্ন দুই নম্বৰ গোসাইগাঁৱত অনুষ্ঠিত বিপিএফ দলৰ সভাত প্ৰায় ডেৰ শতাধিক পুৰুষ-মহিলাই যোগদান কৰিলে বিপিএফ দলত।

বিপিএফ দলৰ শৰাইবিল ব্লক সভাপতি বিল্লা কুমাৰ ব্ৰহ্মই সভাপতিত্ব কৰা সভাত শৰাইবিল সমষ্টিৰ অন্তৰ্গত ডেৰ শতাধিক পুৰুষ-মহিলা ইউপিপিএল আৰু জিএছপি দল ত্যাগ কৰি বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ সভাত উপস্থিত ৫ নম্বৰ শৰাইবিল সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীয়ে বিপিএফ দলত নতুনকৈ যোগদান কৰা সদস্য সকলক ফুলাম গামোছাৰে আদৰনি জনাই দলীয় পতাকা প্ৰদান কৰে৷ যোগদান সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বিপিএফ দল জন্মলগ্নৰে পৰাই জাতি-জনগোষ্টীৰ ভেদাভেদ নকৰি সকলোৰে উন্নয়নৰ স্বাৰ্থত কাম কৰা একমাত্ৰ দল৷ অনাগত দিনতো বিপিএফ দলে ৰাইজৰ সৈতে থাকি সকলো জাতিৰ স্বাৰ্থত কাম কৰিব বুলি উল্লেখ কৰি বিপিএফৰ সৈতে জৰিত হৈ থকাৰ বাবে সকলোকে আহ্বান জনায় প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে৷ আনহাতে ইউপিপিএল আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে বিজেপিৰ কুটিল ৰাজনীতিৰ বাবে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পৰা নাই৷

দীৰ্ঘদিনৰ পৰা বিটিএডিত কোনো চৰকাৰ নথকাৰ বাবে উন্নয়ন স্থবিৰ হৈ আছে৷ আনকি নিৰ্বাচনী আচৰন বিধি বলবৎ হৈ থকাৰ বাবে দুখীয়া ৰাইজেও সকলো সহায় সহযোগীতাৰ পৰা বঞ্চিত হৈ আছে৷ গতিকে সদায় চহালী কথাৰে ৰাইজক বিভ্ৰান্তী কৰা বিজেপি আৰু ইউপিপিএল দলৰ পৰা আতৰি থাকিবলৈ আহ্বান জনায় প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে৷ সভাৰ সভাপতি বিল্লা কুমাৰ ব্ৰহ্মও বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সভাত শৰাইবিল ব্লক বিপিএফৰ সাধাৰন সম্পাদক অশোক মাৰান্ডী, প্ৰাক্তন উপ পৌৰপতি বিপিন দাস, যুৱ বিপিএফৰ শৰাইবিল ব্লক সভাপতি চক্ৰসিং বৰ্গয়াৰী সহ বিএছইউৰ কেবাজনো নেতা-কৰ্মী উপস্থিত থাকে ৷