ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ

ডিব্ৰুগড়ৰ২

৪ ছেপ্টেম্বৰ

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। আদিবাসী জনগোষ্ঠীৰ শৈক্ষিক, অৰ্থনৈতিক, সামাজিক আদিৰ দিশত উত্তৰণৰ স্বাৰ্থত জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ডিব্ৰুগড়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বছৰ বছৰ ধৰি অসমৰ আদিবাসী জনগোষ্ঠীক চৰকাৰে বঞ্চনা কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে। ইফালে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো আজিলৈকে এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব নোৱাৰাত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আছাই। ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ৰূপায়ন কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত আছাই জনজাতিকৰণৰ উপৰি আদিবাসী জনগোষ্ঠীক ছেটেলাইট স্বায়ত্তশাসন প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫০ টকালৈ বৃদ্ধি কৰা, বছৰ বছৰ ধৰি ভোগ দখল কৰি অহা মাটিৰ পট্টা প্ৰদান কৰা, আদিবাসীসকলৰ জাতিৰ প্ৰমাণ পত্ৰত টী গাৰ্ডেন লেবাৰ বা এক্স টী গাৰ্ডেন লেবাৰ লিখা বন্ধ কৰি ৰাখিবলৈ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন দাবীসম্বলিত স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

ইফালে আগন্তক ২০২১’ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে আছাই। প্ৰতিবাদী কাৰ্যসূচীত আছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইগ্নেছিয়াছ টপ্ন, সম্পাদক গৌতম চাংগা, উপ-সভাপতি নৃপেন মুণ্ডাকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।