বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল। ১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম হয়। আৰু তেওঁৰ জন্ম দিনটোক প্রতি বছৰে ভাৰতবৰ্ষত “শিশু দিৱস” হিচাপে পালন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি ১৪ নৱেম্বৰৰ দিনা নগাওঁ জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছাত শিশু দিৱসটি দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। শিশু দিৱসৰ এই অনুষ্ঠানত পণ্ডিত জৱাহৰ লাল নেহেৰুৰ ফটোত মাল্যাৰ্পণ কৰে বিদ্যালয়খনৰ সহ: শিক্ষয়িত্ৰী শিৱানী দেৱনাথৰ লগতে বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক উজ্জ্বল কুমাৰ বৰাই। মাল্যাৰ্পণ কৰাৰ লগতে তেওঁলোকে শিশু দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ৷ বিদ্যালয়খনৰ সহ: শিক্ষক মিন্টু শইকীয়াই আত ধৰা অনুষ্ঠানটোত নেহেৰুৰ জীৱন শৈলী আৰু কৰ্ম ৰাজীৰ বিষয়ে ছাত্ৰ -ছাত্ৰীক অৱগত কৰাই বিদ্যালয়ৰ সহ:শিক্ষক গুণজিৎ ভড়ালীয়ে । বিদ্যালয়খনৰ সহ: শিক্ষক আমিনুল হকে শিশু গীত পৰিবেশন কৰাত ছাত্ৰ -ছাত্ৰী সকলেও বিভিন্ন ধৰণৰ গীত-মাত পৰিবেশন কৰে ৷ উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰীও উপস্থিত আছিল ৷