তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: বিজেপি মিত্ৰ দলৰ চৰকাৰে পৃথক কমতাপুৰ আৰু জনজাতি কৰনৰ নামত আলোচনাৰ নামত কোচ-ৰাজবংশী সকলক বাৰে বাৰে প্ৰতাৰণা কৰি অহাৰ বাবে আক্ৰাছুই বুধবাৰে প্ৰধান মন্ত্ৰী আৰু মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কুমাৰীকাটা আঞ্চলিক আক্ৰাছুৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া-ভূটান ঘাই পথেৰে সমদল কৰি প্ৰধান মন্ত্ৰী হায় হায়, মূখ্য মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ মিচলীয়া, ন কমতাপুৰ ন ৰেষ্ট, উই ৱান্ট এচ,টি, ন এচ,টি ন ৰেষ্ট আদি শ্ল গানেৰে কুমাৰীকাটাৰ আকাশ বতাহ উত্তাল কৰি তুলি প্ৰধান মন্ত্ৰী আৰু মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ৷