তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: আজি শিশু দিৱস। নেহেৰুৰ প্রতি সন্মান প্রদর্শন আৰু শিশু সকলৰ প্রতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটোত আমাৰ দেশত শিশু দিৱস হিচাবে পালন কৰা হয়। এই দিনটো আমাৰ প্রত্যেককেই শিশুসকলৰ মঙ্গলৰ বাবে কৰা আমাৰ অঙ্গীকাৰৰ কথা মনত পেলায় আৰু তেওঁলোকক চাচা নেহেৰুৰ গুনাগুণ আৰু সপোনক সাকাৰ কৰিবলৈ শিকায়। সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ অতি ভিতৰুৱা গাঁও সত্যনাৰায়ণপুৰত বেচৰকাৰী সংস্থা আশা দৰ্শনৰ উদ্যোগত বুধবাৰে সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত জৱাহৰলাল নেহেৰুৰ ১২৯ তম জন্মদিৱস উদযাপন কৰা হয়। পুৱা ন বজাত পতাকা উত্তোলন কৰে আশা দৰ্শনৰ পৰিচালক ভূপেন কুমাৰ নাথে। পুৱা দহ বজাত বন্তি প্ৰজ্বলন আৰু জৱাহৰলাল নেহৰু প্ৰতিমুৰ্তি মাল্যৰ্পন কৰে খৈৰণী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তাৰাপদ ৰয়ে। দিনৰ বাৰ বজাত সমাজকৰ্মী জলেন নাৰ্জাৰীৰ সভাপতিত্ত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে সত্যনাৰায়ণপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ খড়কাই। সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে খৈৰাণী হাইস্কুলৰ প্ৰধান শিক্ষক নেত্ৰ ভূষণ খড়কা, মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৬৪ বাহিনী এছ এছ বিৰ কামাণ্ডদেন এল চিখলাহাওৰ লগতে আশা দৰ্শনৰ শিক্ষা সমন্বয়ক ভগীৰথ দাস সহ বহু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আটাইকেইগৰাকী ব্যক্তিয়ে শিশু দিৱসৰ ওপৰত বক্তব্য আগবঢ়াই আশা দৰ্শনৰ এই প্ৰচেষ্টাক শলাগ লয়। উক্ত অনুষ্ঠানত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে পৰিবেশন কৰা নানা ৰঙীন গীত নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে। সভাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা সকলৰ লগতে প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে ।