বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৮ জানুৱাৰী: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নৃত্য গীত আৰু অভিনয়ৰে সাংস্কৃতিক জগতখনক আগবঢ়ায় নিয়াৰ এক অভিনৱ পদক্ষেপৰ প্ৰচেষ্টা সৃষ্টি আৰ্ট থিয়েটাৰৰ । অসমৰ পিছপৰা অঞ্চল সমূহৰ সাংস্কৃতিক দিশত আগ্ৰহী ভৱিষ্যত প্ৰজন্মক নাট্য কৰ্মশালাৰ জৰিয়তে আগুৱাই যোৱাৰ উদ্দেশ্যৰে সৃষ্টি আৰ্ট থিয়েটাৰৰ এই পদক্ষেপ । গীত মাত তথা অভিনয়ৰ প্ৰতি আগ্ৰহী যিসকল লৰা ছোৱালীয়ে আগবাঢ়ি যোৱাৰ এখন মঞ্চ পোৱা নাই ,সেই সকলক সাংস্কৃতিক জগত খনৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে সৃষ্টি আৰ্ট থিয়েটাৰৰ এই সাংস্কৃতিক যাত্ৰা । বাইহাটা চাৰিআলিৰ কেন্দুকোনা জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাছ দিনীয়া কাৰ্যসুচীৰে অনুযষ্ঠিত হয় উক্ত কৰ্মশালা । নাট্য প্ৰশিক্ষক বেনুধৰ পাটোৱাৰীৰ তত্বাৱধানত অনুষ্ঠিত উক্ত কৰ্মশালা বাইহাটা চাৰিঅালিকে ধৰি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।