গুৱাহাটী, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কৃষক-মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টা জাতি জনগোষ্ঠীয় দলে যি সংকল্প যাত্ৰা অব্যাহত ৰাখিছে তাৰ মাজতে শুকুৰবাৰে সংকল্প যাত্ৰালৈ যোৱাত বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰাত আটক হ’ল প্ৰায় শতাধিক লোক । দক্ষিণ কামৰূপৰ পৰা সংকল্প যাত্ৰালৈ গৈ আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় সেনা আৰু অন্যান্য প্ৰতিবাদী সংগঠনে । সংকল্প যাত্ৰালৈ গৈ থকা অৱস্থাত যাত্ৰাপথতে পলাশবাৰী আৰক্ষীৰ সহযোগত প্ৰশাসনে আটক কৰে আটাইজনকে। তাৰ পিছতে আৰক্ষীৰ সৈতে কিছূ তৰ্কাতৰ্কীত লিপ্ত হৈছিল প্ৰতিবাদকাৰী সকলে । আৰক্ষীয়ে সংকল্প যাত্ৰালৈ যোৱা লোকসকলক যোৱাত বাধা প্ৰদান কৰি আটক কৰাত লোকসকলে ‘অসম চৰকাৰ হায় হায়,’অসম চৰকাৰ গ’ বেক’ আদি ধব্বনিৰে উত্তাল কৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।